Welcome to the Official Website of Kalabari College

( Affiliated to Gauhati University )

Accredited “B+” Grade in the 1st Cycle of NAAC Assessment

Department of Assamese​

About the Department

       কলাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগটি ১৯৯২ চনত স্থাপন কৰা হয়। এই বিভাগৰ প্ৰতিষ্ঠাকালিন মুৰব্বী অধ্যাপক আছিল ড০ প্ৰদীপ শৰ্মা। ১৯৯৮ চনৰ পৰা এই বিভাগত মেজৰ পাঠ্যক্ৰম আৰম্ভ  হয়। এই বিভাগৰ পৰা অসমীয়া বিষয়ক মেজৰ পাঠ্যক্ৰম হিচাপে গ্ৰহণ কৰা ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে আৰু কৰ্ম সংস্থাপনো লাভ কৰিছে।

       অসমীয়া বিভাগৰ দ্বাৰা প্ৰতিবৰ্ষতে আলোচনা চক্ৰ, ক্ষেত্ৰভিত্তিক অধ্যয়ন, মাতৃভাষা দিৱস আদি অনুষ্ঠান আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ যত্ন কৰি অহা হৈছে। স্নাতক কলা শাখাৰ অধীনত অসমীয়া বিষয়ৰ পাঠ্যক্ৰমসমূহ, যথা- বি.এ. মেজৰ, বি.এ. সাধাৰণ, আধুনিক ভাৰতীয় ভাষা হিচাপে প্ৰদান কৰি অহা হৈছে। চাৰিগৰাকী অধ্যাপক-অধ্যাপিকাৰ দ্বাৰা পৰিচালিত হৈ অহা এই অসমীয়া বিভাগত ছাত্ৰ-ছাত্ৰীসকলৰ সাহিত্যিক প্ৰতিভা বিকাশৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। অসমীয়া বিভাগত সাহিত্য চৰা নামৰ এটি ছাত্ৰ-ছাত্ৰীসকলৰ অনুষ্ঠানো পৰিচালিত হৈ আহিছে। ইয়াৰ জৰিয়তে  প্ৰতি বছৰে প্ৰয়াস   নামৰ প্ৰাচীৰ পত্ৰিকা এখনি বছৰত দুবাৰকৈ প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সাহিত্যিক প্ৰতিভা বিকশাই তোলা হৈছে। এই অসমীয়া বিভাগৰ উদ্যোগত বৰ্তমানলৈকে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ (UGC SPONSORED) আলোচনা চক্ৰ সম্পন্ন হৈছে।

Teaching Staff​

Dr. Utpal Saikia, M.A., Ph.D.

Assistant Professor (HoD)

Mrs. Rupali Mudoi, M.A.

Assistant Professor

Mrs. Karabi Das, M.A.

Assistant Professor

Mr. Prasanta Das, M.A.

Assistant Professor

Departmental Activities